ঘৰৰ আশে-পাশে বা পথৰ কাষত থকা বহু গছক আমি অদৰকাৰী বুলি ভাবি কাটি পেলাওঁ। কিন্তু প্ৰকৃতিৰ প্ৰতিটো উদ্ভিদৰেই আছে নিজস্ব গুৰুত্ব। তেনে এবিধ গছ হৈছে চতিয়না। বৈজ্ঞানিক নাম Alstonia scholaris। এই গছৰ বাকলি, পাত, ফুল, ঠাৰি আৰু অন্যান্য অংশ পৰম্পৰাগত চিকিৎসা-পদ্ধতিত বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে।
পৃথিৱীত প্ৰায় ২৫,০০০ প্ৰজাতিৰ উচ্চ উদ্ভিদ আছে বুলি বিভিন্ন তথ্যত উল্লেখ কৰা হয়। ইয়াৰে বহু উদ্ভিদৰ ঔষধি গুণ আছে। চতিয়না গছো তেনে এবিধ উদ্ভিদ, যাৰ ঔষধি গুণৰ বিষয়ে পৰম্পৰাগত চিকিৎসা-পদ্ধতিত বহুদিনৰ পৰা চৰ্চা চলি আহিছে।