কাৰ্বি আংলং জিলাৰ চোকীহোলা অঞ্চলৰ নিলিপ ব্লকৰ দূৰ্গম পাহাৰীয়া এলেকাত বিমান দুৰ্ঘটনাগ্ৰস্ত।
বৃহস্পতিবাৰে সন্ধিয়া ভাৰতীয় বায়ুসেনাৰ ছুখয় ছু-৩০ যুঁজাৰু বিমান দুৰ্ঘটনাতপতিত হয়। বিমানখন যোৰহাটৰ পৰা উৰা মাৰি চোকীহোলাত দুৰ্ঘটনাতপতিত হয়
বিমান দুৰ্ঘটনাত দুজন পাইলট নিহত হয়।। নিহত পাইলট দুজন Sqn Ldr Anuj আৰু Flt Lt Purvesh Duragkar বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭-০০ বজাত অঞ্চলটোৰ এটা ওখ পাহাৰৰ দিশৰ পৰা প্ৰচণ্ড বিস্ফোৰণ সদৃশ শব্দ শুনা গৈছিল। শব্দটো ইমানেই জোৰেৰে হৈছিল যে আশে-পাশে থকা গাঁওসমূহত আতংক বিয়পি পৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, বিস্ফোৰণৰ শব্দ পাহাৰত প্ৰতিধ্বনিত হৈ সমগ্ৰ অঞ্চল কঁপাই তোলে।
- Log in to post comments