News


বঙাইগাঁও জিলাত পুনৰ স্ক্ৰাব টাইফাছৰ আতংক।

যোগীঘোপাৰ চলন্তাপাৰাত স্ক্ৰাব টাইফাছত আক্ৰান্ত হৈ মৃত্যু এজন ব্যক্তিৰ।

মৃত ব্যক্তিজন চলন্তাপাৰা খুটাপাৰা গাঁৱৰ মনিৰুল হক (৬৮) ।

কেইবাদিনো ধৰি জ্বৰ-কাহত আক্ৰান্ত হৈ আছিল মনিৰুল হক।

প্ৰথমে চলন্তাপাৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত গ্ৰহণ কৰিছিল চিকিৎসা।

স্বাস্থ্যৰ অৱনতি ঘটাত ভৰ্তি কৰোৱা হৈছিল গোৱালপাৰাৰ এখন ব্যক্তিগত চিকিৎসালয়ত।

বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত স্ক্ৰাব টাইফাছত আক্ৰান্ত হোৱাৰ তথ্য লাভ।

অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে মনিৰুল হকৰ।