ৰাস মহোৎসৱক লৈ ৰাজ্যত এতিয়া ব্যাপক প্ৰস্তুতি। নিশা দুপৰলৈকে চলিছে শিল্পীসকলৰ আখৰা। কৃষ্ণৰ মুৰুলিৰ অমিয়া সুৰ, দৈৱকীৰ ক্ৰন্দন আৰু কংসৰ গৰ্জনৰ শব্দ ভাঁহি আহিছে মাজুলীৰ প্ৰতিখন ৰংগমঞ্চৰ পৰা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰংগমঞ্চৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ গাঁৱে গাঁৱে চলিছে ৰাসৰ চূড়ান্ত আখৰা।
"শৰতৰ পূৰ্ণিমা ৰাতি অতি বিতোপন
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন"
মৰিগাঁও জিলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্ট কেলিগোপাল নাটৰ পূৰ্ণ গতিত আখৰা।
প্ৰতি বছৰৰ দৰে এইবছৰো মৰিগাঁও পূৱ জালুগুটিৰ নামঘৰত অনুষ্ঠিত হ'ব ৪৯ সংখ্যক ৰাস মহোৎসৱ। শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক পুণ্য শ্লোক আচাৰ্য্য ইলাৰাম দাস বাপ ঈশ্বৰে প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী সমাজ অসমৰ মুখ্য কাৰ্যালয়ত নিতৌ চলিছে ৰাসৰ পূৰ্ণ পৰ্যায়ৰ আখৰা।
- Log in to post comments