BJP Member

শুকুৰবাৰে মহানগৰীত পুনৰ আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। মহানগৰীৰ বামুণীমৈদামৰ নিজ বাসগৃহত বিজেপি নেত্রীৰ আত্মহনন। আত্মহননৰ বলি হোৱা মহিলা গৰাকী বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্রানী তহবিলদাৰ বুলি জানিব পৰা গৈছে। 

উল্লেখ্য যে,উজনি অসমৰ এজন শীৰ্ষ বিজেপি নেতাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাত বিজেপি নেত্রী গৰাকীয়ে আত্মহননৰ পথ বাছি লয়। ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছতে ৰাজ্যিক বিজেপিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। চেম্বাৰছ অৱ কমাৰ্ছৰ উপ-সভানেত্ৰী আছিল তহবিলদাৰ।