প্ৰথমে ভাইৰেল আপত্তিজনক ফটো! তাৰ পাছত চৰম সিদ্ধান্ত বিজেপি নেত্ৰীৰ....আৰক্ষীৰ তদন্তত ন ন তথ্য ফাদিল.......

suicide

শুকুৰবাৰে মহানগৰীত পুনৰ আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। মহানগৰীৰ বামুণীমৈদামৰ নিজ বাসগৃহত বিজেপি নেত্রীৰ আত্মহনন। আত্মহননৰ বলি হোৱা মহিলা গৰাকী বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্রানী তহবিলদাৰ বুলি জানিব পৰা গৈছে। 

উল্লেখ্য যে,উজনি অসমৰ এজন শীৰ্ষ বিজেপি নেতাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাত বিজেপি নেত্রী গৰাকীয়ে আত্মহননৰ পথ বাছি লয়। ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছতে ৰাজ্যিক বিজেপিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। চেম্বাৰছ অৱ কমাৰ্ছৰ উপ-সভানেত্ৰী আছিল তহবিলদাৰ।

suicide


আনহাতে, BJP নেত্ৰী আত্মহননৰ মূল অভিযুক্ত অনুৰাগ চলিহাৰ বিৰুদ্ধে আৰক্ষীয়ে চাঞ্চল্যকৰ তথ্য লাভ কৰিছে। অনুৰাগ চলিহাৰ বৃহৎ টকাৰ লেনদেন আছিল একাংশ লোকৰ সৈতে। চাকৰি আৰু ঠিকা আৱন্তন দিয়াৰ নামত কোটি কোটি  টকা সংগ্ৰহ কৰিছিল অনুৰাগ চলিহাই।

কিন্তু চাকৰি অথবা ঠিকা দিব পৰা নাছিল অনুৰাগ চলিহাই। ফলত সেইসকল ব্যক্তিৰ লগত সংঘাতৰ সৃষ্টি হৈছিল অনুৰাগৰ। খবৰ অনুসৰি কিছুদিন পূৰ্বে টকা নাপায় অনুৰাগ চলিহাক বন্ধক বনাইছিল সেই ব্যক্তিসকলে। এই বৃহৎ টকাৰ লেনদেন সমাপ্ত  কৰিব নোৱাৰাত বন্ধকত থকা অনুৰাগৰ লগত ভয়ংকৰ মাৰপিতৰ ঘটনাও সংঘটিত হৈছিল।

suicide

 

আনকি অনুৰাগ চলিহাৰ ব্যক্তিগত মোবাইল ফোন মূল্যৱান এটা  ঘড়ীকে ধৰি আন কিছু মূল্যবান সামগ্ৰী জব্দ কৰিছিল লোকসকলে। ব্যক্তিগত মোবাইল লৈ গেলেৰীৰ পৰা আপত্তিজনক ফটো ভিডিও সংগ্ৰহ কৰিছিল সেই লোক সকলে। তাৰ পাছতে ধন ওভতাই নাপায় সেই ফটো ভাইৰেল কৰাৰ ভাবুকি দি আহিছিল।

আৰু অৱশেষত ধন নাপায় সামাজিক মাধ্যমত ভাইৰেল কৰিছিল সেই আপত্তিজনক ফটো। ফটো ভাইৰেলৰ উৎস বিচাৰি চাইবাৰ চেলে আৰম্ভ কৰিছিল অনুসন্ধান। তাৰ পাছতে পোহৰলৈ আহে এই সমগ্ৰ ঘটনাৰ সত্যতা।

ইতিমধ্য ঘটনা সন্দৰ্ভত অনুৰাগ চলিহাক চান্দমাৰী আৰক্ষীয়ে তলব কৰিছে। ফটো ভাইৰেল ঘটনা সন্দৰ্ভত আৰু অধিক লোক জালত পৰাৰ  সম্ভাৱনা প্ৰকট হৈ পৰিছে।

বৰ্তমান জি এম এইছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে তহবিলদাৰৰ মৃতদেহ।

Category
Profile picture for user UB Photos