Child Selling

বৰ্তমান সময়ত মানুহতকৈ ও টকাৰ মূল্য অধিক। কেৱল টকাৰ বাবেই গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত হত্যাকাণ্ডকে ধৰি বিভিন্ন অপকৰ্মৰ ঘটনা পোহৰলৈ অহা আমি শুনিবলৈ পাঁও। 

আকৌ এবাৰ তেনে এক বুকু কঁপি যোৱা ঘটনা পোহৰলৈ আহিছে। মাত্ৰ কেইটামান টকাৰ বাবেই নিজৰ ৫ বছৰীয়া সন্তানক বিক্ৰী কৰিলে পিতৃ-মাতৃয়ে। এই হৃদয় কপোঁৱা ঘটনাটো সংঘটিত হৈছে ৰঙাপৰাত।

উল্লেখ্য যে, ৰঙাপৰাত এহাল দম্পতীয়ে কেৱল কেইটামান টকাৰ বাবদ নিজ সন্তানক বিক্ৰী কৰাৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছে। ৫ বছৰীয়া এটি কণমানিক কেৱল সাত হাজাৰ টকাৰ বিনিময়ত আনক বিক্ৰী কৰিলে পিতৃ-মাতৃয়ে।