শুৱালকুছি ফুলবাৰী পাহাৰত ভয়ংকৰ দুৰ্ঘটনা
বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত নিহত এগৰাকী শিপিনী
নিহত শিপিনীজন শুৱালকুছি ২ নং মিলনপুৰৰ অমৰ বৈশ্য (৪০) বুলি জানিব পৰা গৈছে
আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা নম্বৰ প্লেটবিহীন ট্ৰেক্টৰখন জব্দ কৰিছে
লগতে চালক নৱ ৰাজবংশীকো আটক কৰে আৰক্ষীয়ে
ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে
তাঁতশাল শিপিনী হিচাপে দিন হাজিৰা কৰা অমৰ বৈশ্যৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ
- Read more about বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত নিহত শিপিনী
- Log in to post comments