জনপ্ৰিয় গায়িকা পলক মুচ্ছলৰ বিবাহ, কাৰ সৈতে বিয়াত বহিল পলক?

Palak Muchhal

কইনা সাজত বলীউডৰ জনপ্ৰিয় গায়িকা পলক মুচ্ছল। দেওবাৰ অৰ্থাৎ ৬ নবেম্বৰত সংগীত পৰিচালক মিথুনৰ সৈতে বিবাহপাশত আৱদ্ধ হয় জনপ্ৰিয় গায়িকা পলক মুচ্ছল। দেওবাৰে মুম্বাইত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান। বহুদিন ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি আহিছিল আৰু অৱশেষত দেওবাৰে বিবাহপাশত আৱদ্ধ হয় দুয়োগৰাকী। বিবাহৰ পিছত ছচিয়েল মিডিয়াত বিয়াৰ ফটো শ্বেয়াৰ কৰি কয় যে, ‘আজি আমি চিৰদিনৰ বাবে এক হৈ পৰিলো’। বিয়াৰ দিনা গায়িকা পলকক ৰঙা লেহেংগা দেখাৰ বিপৰীতে মিথুনক ক্ৰীম আৰু মেৰুণ ৰঙৰ শ্বেৰৱানীত দেখা গ’ল। দেওবাৰে অনুষ্ঠিত বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকে বলীউড আৰু টিভিৰ সুপৰিচিত বহু তাৰকা। গায়ক শ্বান, সোণু নিগম, কৈলাশ খেৰ, সোণালী ৰাথোৰ, ৰূপকুমাৰ ৰাথোৰ, ৰশ্মী দেশাইকে ধৰি বহু চলচ্চিত্ৰ জগতৰ তাৰকা সমবেত হয়। ইয়াৰ উপৰিও বিয়াত সংগীত শিল্পী প্যাৰে লাল, কল্যাণজী ভাইও উপস্থিত থাকে। দুপৰীয়া আৰু সন্ধিয়া চাহাৰা ইণ্টাৰনেশ্যনেল হোটেলত বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয়।

Category