টি ২০ বিশ্বকাপৰ খিতাপ দখলৰ দিশে ভাৰত! ক্ৰিকেট অনুৰাগীৰ মনত আশা! 

T 20 World Cup

অষ্ট্ৰেলিয়াত হৈ থকা টি ২০ বিশ্বকাপত দূৰ্দান্ত প্ৰদৰ্শনেৰে পইন্টৰ তালিকাত দ্বিতীয় স্থানত আছে ভাৰত। প্ৰথম খন খেল চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে খেলিছিল ভাৰতে আৰু এই খেল খন আছিল শ্বাসৰুদ্ধকৰ আৰু ৰোমাঞ্চকৰ। হাৰি  হাৰি ৰণ জিকাৰ দৰে জিকিছিল এই খেলখন আৰু খেলখনৰ হিৰ' আছিল কিং কোহলী। দ্বিতীয় খন খেলিছিল নেডাৰলেণ্ডৰ বিৰুদ্ধে আৰু এই খন খেলতো অতি সহজেই জয় লাভ কৰিছিল টীম ইণ্ডিয়াই।

India

২০১১ চনৰ বিশ্বকাপ দখল কেতিয়াও পাহৰিব নোৱাৰে দেশে। ২০১১ চনত ঘটা কিছুমান কাৰ্য এইবাৰো ঘটিছে ভাৰতৰ লগত। ২০১১ চনৰ বিশ্বকাৰত টীম আয়াৰলেণ্ডে হৰুৱাইছিল ইংলেণ্ডক আৰু ঠিক একেদৰেই এইবাৰ বিশ্বকাপ টি ২০ টো আয়াৰলেণ্ডে হৰুৱালে ইংলেণ্ডক। আৰু ২০১১ চনত একমাত্ৰ দক্ষিণ আফ্ৰিকাই ভাৰতক পৰাজিত কৰিছিল আৰু এইবাৰো দক্ষিণ আফ্ৰিকাৰ লগতে পৰাজয় হ'ল ভাৰত। এই ঘটনাই এতিয়া অধিক উৎসাহী কৰি তুলিছে ভাৰতৰ অনুৰাগী সকলক। সকলোৰে মনত এতিয়া মাত্ৰ এটাই আশা যে ঘৰলৈ লৈ আহক টি ২০ বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ।

Category
Profile picture for user UB Photos