Draupadi Murmu

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়ৰ মিমিক্ৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এক্সত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে এই ঘটনাত ব্যথিত হোৱা বুলি উল্লেখ কৰে। 

টুইটত ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে নিৰ্বাচিত জনপ্ৰতিনিধিয়ে তেওঁলোকৰ বিচাৰধাৰা প্ৰকাশ কৰিবলৈ স্বাধীন হয়। কিন্তু সেয়া গৰিমা আৰু ভদ্ৰতাৰ সীমাৰ ভিতৰত থকা উচিত। 

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও TMC সাংসদ কল্যাণ বেনাৰ্জীৰ কাণ্ডত দুখ প্ৰকাশ কৰিছে। উপ-ৰাষ্ট্ৰপতি ধনখেড়ক টেলিফোনযোগে যোগাযোগ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘটনাক লৈ অত্যন্ত দুখ প্ৰকাশ কৰে।