আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি নিৰ্বাচন, সাংসদ–বিধায়কে কৰিছে ভোটদান!

president elections

আজি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি নিৰ্বাচন। নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান কৰিছে সাংসদ–বিধায়কে।

এইবাৰ এনডিএই দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে যশৱন্ত সিনহাই।

২১ জুলাইত ঘোষণা হ'ব  ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল, ২৫ জুলাইত শপত গ্ৰহণ কৰিব নতুন ৰাষ্ট্ৰপতিয়ে।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যসমূহৰ বিধানসভা আৰু সংসদ ভৱনত হৈছে ভোটগ্ৰহণ কাৰ্যসূচী।

উল্লেখ্য় যে, সংসদ ভৱনৰ প্ৰথম মহলাত ৬৩নং কোঠাত হৈছে ভোটগ্ৰহণ। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া।

বিধায়ক আৰু সাংসদসকলক সমৰ্থন কৰা এনডিএসকলৰ মতে, দ্ৰৌপদী মুৰ্মুৱে মুঠ ভোটৰ প্ৰায় ৬০-৭০ শতাংশ লাভ কৰাৰ সম্ভাৱনা আছে, আৰু যশৱন্ত সিনহাই সপক্ষে ৩০-৪০ শতাংশ ভোট লাভ কৰিব বুলি আশা কৰা হৈছে।

পৰিসংখ্যাঅনুসৰি, যদি দ্ৰৌপদী মুৰ্মু ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়, তেন্তে তেওঁ জনজাতীয় সম্প্ৰদায়ৰ পৰা দেশৰ শীৰ্ষ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মহিলা হ'ব। 

Category
Profile picture for user UB Photos