১৩ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

Draupadi Murmu

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মূৱে আগন্তুক ১২ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ অসম আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব।

১২ অক্টোবৰত ৰাষ্ট্ৰপতিগৰাকীয়ে ত্ৰিপুৰা ৰাজ্যিক ন্যায়িক একাডেমী উদ্বোধন কৰিব আৰু আগৰতলাৰ নৰসিনগড়ত ত্ৰিপুৰা ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। একেদিনাই, তেওঁ ভাৰ্চুৱেলী আগৰতলাৰ কেপিটেল কমপ্লেক্সত এটা এমএলএ হোষ্টেল উদ্বোধন কৰিব।

ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পথ, বিদ্যালয় আৰু হোষ্টেল সম্পৰ্কীয় ত্ৰিপুৰা চৰকাৰৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। তেওঁ আগৰতলাৰ ৰবীন্দ্ৰ শত বাৰ্ষিকী ভৱনৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত মহাৰাজা বীৰেন্দ্ৰ কিশোৰ মণিক্য সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰৰ লগতে আইআইআইটিৰ আধাৰশিলাও স্থাপন কৰিব। উক্ত দিনা সন্ধিয়া ৰাষ্ট্ৰপতিয়ে আগৰতলাৰ টাউন হলত ত্ৰিপুৰা চৰকাৰৰ সন্মানত আয়োজিত হ’বলগীয়া এক নাগৰিক অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

আনহাতে ১৩,১৪ অক্টোবৰত গুৱাহাটীত ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও বিশেষ কাৰ্যসূচী।

১৩ অক্টোবৰত ৰাষ্ট্ৰপতিগৰাকীয়ে আগৰতলালৈকে চলিব লগা গুৱাহাটী-কলকাতা-গুৱাহাটী ৰে'লৰ বিশেষ সম্প্ৰসাৰণ আৰু মণিপুৰৰ খোংচাংলৈকে আগৰতলা-জিৰিবাম-আগৰতলা জন শতাব্দী এক্সপ্ৰেছৰ সম্প্ৰসাৰণৰ বাবে ফ্লেগ অফ কৰিব।

১৩ অক্টোবৰৰ দিনটোতেই আইআইটি গুৱাহাটীত ৰাষ্ট্ৰপতিয়ে ভাৰ্চুৱেলী কেন্দ্ৰীয় ইলেকট্ৰ’নিক্স আৰু তথ্য প্ৰযুক্তি আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বিভিন্ন প্ৰকল্পৰ বাবে আধাৰশিলা উদ্বোধন/স্থাপন কৰিব।

ৰাষ্ট্ৰপতি গৰাকীৰ আগমণ সন্দৰ্ভত মহানগৰ যানবাহন আৰক্ষীৰ সামগ্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত পথ নিৰ্দেশনা।

১৩ অক্টোবৰত ৬ চকীয়া বা তাতকৈ ওপৰৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন সমূহৰ চলাচল ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল বন্ধ থাকিব ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ১০ বাজি ৩০ মিনিটলৈ।

১৪ অক্টোবৰতো পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ বন্ধ থাকিব একেই বাহনৰ চলাচল।

আনহাতে ১৪ অক্টোবৰত পুৱা ৮ বজাৰ পৰা ১২ বাজি ৩০ মিনিটলৈ DG ROAD, AT ROAD, MG ROAD,KLB ROAD, TAIBULLAH ROAD, GNB ROAD, B.BARUAH ROAD, GS ROAD আৰু PUNJABARI ROAD ত বন্ধ থাকিব সকলো ধৰণৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল।

Route Map

Category
Profile picture for user UB Photos