FIFA

অন্ত পৰিল বিশ্বকাপৰ জ্বৰ। আৰ্জেন্টিনাৰ হাতত উজ্বলিল ফিফা বিশ্বকাপৰ ট্ৰফী। কিন্তু শ্বাসৰূদ্ধকৰ ফাইনেলত ফ্ৰান্সৰ খেলুৱৈ এমবাপেই জিনিলে কোটি কোটি মানুহৰ হৃদয় । বিশ্ববাসীয়ে যেন বিচাৰি পালে আন এজন ফুটবলৰ মহাতাৰকা । দূৰন্ত গতি, দূৰ্দান্ত ক্ৰছিঙেৰে প্ৰতিপক্ষৰ ডিফেণ্ডাৰৰ মাজেৰে বল সৰকোৱাত সিদ্ধহস্ত এমবাপে বিশ্বকাপৰ ফাইনেলত দেখুওৱা প্ৰদৰ্শনৰ বাবে সকলোৱে কলে ৰ'নাল্ডো, মেছিৰ বিদায়ৰ পাছত ফুটবলৰ একছত্ৰী সম্ৰাট কিলিয়ান এমবাপেই। মাত্ৰ ২ মিনিটতে ফাইনেলৰ গতি সলনি কৰিছিল এমবাপেই। খেলখনৰ দ্বিতীয়াৰ্ধৰ ৮০ মিনিটত ফ্ৰান্সৰ হৈ প্ৰথমটো গ'ল দিয়ে এমবাপেই। ইয়াৰ টিক ১ মিনিত পিছতে অৰ্থাৎ ৮১ মিনিটত এমবাপেই দ্বিতীয়টো গল দ