মেছি,ৰ'নাল্ডোৰ পিছত আৰম্ভ এমবাপেৰ যুগ! ২ মিনিটত গেম সলনি কৰি এমবাপেই হৃদয় জিনিলে বিশ্ববাসীৰ

Mbappe

অন্ত পৰিল বিশ্বকাপৰ জ্বৰ। আৰ্জেন্টিনাৰ হাতত উজ্বলিল ফিফা বিশ্বকাপৰ ট্ৰফী। কিন্তু শ্বাসৰূদ্ধকৰ ফাইনেলত ফ্ৰান্সৰ খেলুৱৈ এমবাপেই জিনিলে কোটি কোটি মানুহৰ হৃদয় । বিশ্ববাসীয়ে যেন বিচাৰি পালে আন এজন ফুটবলৰ মহাতাৰকা । দূৰন্ত গতি, দূৰ্দান্ত ক্ৰছিঙেৰে প্ৰতিপক্ষৰ ডিফেণ্ডাৰৰ মাজেৰে বল সৰকোৱাত সিদ্ধহস্ত এমবাপে বিশ্বকাপৰ ফাইনেলত দেখুওৱা প্ৰদৰ্শনৰ বাবে সকলোৱে কলে ৰ'নাল্ডো, মেছিৰ বিদায়ৰ পাছত ফুটবলৰ একছত্ৰী সম্ৰাট কিলিয়ান এমবাপেই। মাত্ৰ ২ মিনিটতে ফাইনেলৰ গতি সলনি কৰিছিল এমবাপেই। খেলখনৰ দ্বিতীয়াৰ্ধৰ ৮০ মিনিটত ফ্ৰান্সৰ হৈ প্ৰথমটো গ'ল দিয়ে এমবাপেই। ইয়াৰ টিক ১ মিনিত পিছতে অৰ্থাৎ ৮১ মিনিটত এমবাপেই দ্বিতীয়টো গল দি ২-২ৰ সমতা স্থাপন কৰি ফাইনেল আৰু ৰোমাঞ্চকৰ কৰি দিয়ে। অতিৰিক্ত সময়ৰ ১১৮ মিনিটত তৃতীয় টো গলেৰে হেট্ৰিক লাভ কৰে কাইলিয়ান এমবাপেই। এতিয়া সকলোৱে অপেক্ষা কৰিছে এমবাপেৰ যুগলৈ।

Category
Profile picture for user UB Photos