অন্ত পৰিব অপেক্ষাৰ! কাইলৈৰ পৰা কাটাৰ ফিফা বিশ্বকাপ 

FIFA Worldcup 2022

কাইলৈৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ফিফা ৱৰ্ল্ড কাপ ২০২২। এইবাৰ এই ফুটবল টুৰ্নামেন্ট কাটাৰত আয়োজন কৰা হৈছে। এই ফুটবল বিশ্বকাপৰ প্ৰথমখন খেল দেওবাৰে অৰ্থাৎ ২০ নৱেম্বৰত শুভাৰম্ভ কৰা হ’ব। উক্ত খেলখনৰ প্ৰথম দিনা ইকুৱেডৰ আৰু কাটাৰৰ মাজত হ’ব আৰু ভাৰতীয় সময় অনুসৰি ৯ বাজি ৩০ মিনিটত আৰম্ভ হ’ব এই খেল। 

জানিব পৰা মতে, আইকনিক টুৰ্ণামেণ্টখন বৰ্তমানলৈকে অনুষ্ঠিত হোৱা আটাইতকৈ ব্যয়বহুল খেল কিয়নো মধ্য প্ৰাচ্যৰ দেশখনে ইয়াৰ প্ৰস্তুতিৰ বাবে ২২০ বিলিয়ন ডলাৰ ব্যয় কৰিছে। ফুটবলৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতাখনত মুঠ ৩২ খন দেশে অংশগ্ৰহণ কৰিছে। ২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপ ২০২২। বিশ্বকাপৰ চূড়ান্ত খেলখন ১৮ ডিচেম্বৰত লুচাইলৰ লুচাইল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে।

Category
Profile picture for user UB Photos