Indian Muslim women

সম্প্ৰতি কৰ্ণাটকৰ হিজাব বিতৰ্কত উত্তাল হৈছে দেশ। এতিয়া বিতৰ্কত মাত দিছে পাকিস্তানীৰ শান্তি কৰ্মী তথা শান্তিৰ নোবেল বঁটা বিজয়ী মালালা ইউছুফজাই। তেওঁ কয় যে, ছোৱালীসকলক হিজাব পিন্ধি বিদ্যালয়ত প্ৰৱেশ কৰাত বাধা দিয়াটো এক ভয়ংকৰ কথা।

এই সন্দৰ্ভত মন্তব্য কৰি মালালাই টুইট কৰিছে। তেওঁ লিখিছে, মহিলাসকলক কম বা বেছি কাপোৰ পিন্ধাক লৈ আক্ৰমণ কৰি অহা হৈছে। ভাৰতৰ নেতাসকলে মুছলমান মহিলাসকলক উপেক্ষিত হোৱাৰ পৰা বাধা দিয়া উচিত।’