Hijab

জনপ্ৰিয় অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি অকথ্য নিৰ্যাতন চলাই আৰক্ষীয়ে ৷ লগতে অভিনেত্ৰীগৰাকীৰ ১৬ বছৰ পৰ্যন্ত কাৰাবাসৰ সম্ভাৱনা আছে ৷

২৮ বছৰীয়া ৰোছনো এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অভিনেত্ৰীগৰাকীয়ে হিজাব পিন্ধিবলৈ অস্বীকাৰ কৰিছিল। তাৰ পিছতেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি বৰ্বৰ অত্যাচাৰ কৰে। পিছত, তেওঁক ৰাষ্ট্ৰীয় টিভিত আহি ক্ষমা বিচাৰিবলৈ কোৱা হৈছিল যাতে হিজাব পিন্ধাৰ তালিবানৰ আদেশ পালন নকৰা মহিলাসকলৰ মনত তেওঁ আতংকৰ সৃষ্টি হ’ব পাৰে। বাতৰি অনুসৰি, ৰোশনোক দেশৰ নিৰাপত্তাৰ বাবে ভাবুকি বুলি বৰ্ণনা কৰা হৈছে। তেওঁ ১৬ বছৰ পৰ্যন্ত কাৰাদণ্ড হোৱাৰ সম্ভাৱনা আছে ৷