Terrorist

য়েমেনৰ হুদী সন্ত্ৰাসবাদীৰ ঘাটিত মিত্ৰ বাহিনীৰ আক্ৰমণ। আমেৰিকাৰ নেতৃত্বত আক্ৰমণ হুদীৰ ঘাটিত। য়েমেনস্থিত কেইবাটাও হুদী শিবিৰ তচনচ কৰে মিত্ৰ বাহিনীয়ে। লোহিত সাগৰত বাণিজ্যিক জাহাজত আক্ৰমণৰ প্ৰতিশোধ। আক্ৰমণত সহযোগ কৰে মাৰ্কিন আৰু ব্ৰিটিছ সেনাৰ যুটীয়া অভিযান, অষ্ট্ৰেলিয়া, বাহৰেইন, কানাডা,নেদাৰেলণ্ড।

উল্লেখনীয় যে য়েমেনস্থিত ইছলামিক সন্ত্ৰাসবাদী সংগঠন হুদীয়ে শেহতীয়াকৈ লোহিত সাগৰত চলাচল কৰা বাণিজ্যিক জাহাজসমূহ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। লোহিত সাগৰৰ জলপথ বিশ্বৰ বজাৰ অৰ্থনীতিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।