ভাৰতবিদ্বেষী সন্ত্ৰাসবাদী বিষক্ৰিয়াত আক্ৰান্ত! লস্কৰ সন্ত্ৰাসবাদী ছাজিদ মীৰৰ অৱস্থা সংকটজনক...........

terrorist

মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী বিষক্ৰিয়াত আক্ৰান্ত
লস্কৰ সন্ত্ৰাসবাদী ছাজিদ মীৰৰ অৱস্থা সংকটজনক
পাকিস্তানৰ জে’লৰ ভিতৰতে বিষক্ৰিয়াত আক্ৰান্ত মীৰ
‘অচিনাক্ত লোক’ৰ দ্বাৰা মীৰৰ খাদ্যত বিষ মিহলি
দেৰা ঘাজীখান কাৰাগাৰত এই ঘটনা
সংকটজনক অৱস্থাত ভাৰতবিদ্বেষী সন্ত্ৰাসবাদীজন
কাৰাগাৰখনৰ এজন নতুন ৰান্ধনীক লৈ সন্দেহ
বিষক্ৰিয়াত আক্ৰান্ত হোৱাৰে পৰা সন্ধানহীন ৰান্ধনীজন

উল্লেখনীয় যে, বিগত কেইবামাহ ধৰি অচিনাক্ত লোকৰ সন্ত্ৰাসৰ মাজত দিন কটাইছে পাকিস্তানস্থিত ভাৰতবিদ্বেষী সন্ত্ৰাসবাদীসকলে। ইজনৰ পিছত সিজন ভাৰতবিদ্বেষী সন্ত্ৰাসবাদীৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু ঘটিছে। লস্কৰ-ই-তৈবা, জইছ-ই-মহম্মদ আদি সন্ত্ৰাসবাদী সংগঠনৰ বহুকেইজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ইতিমধ্যেই অজ্ঞাত লোকৰ হাতত নিধন হৈছে। 

ইফালে, লখবীৰ সিং ৰোদ নামৰ খালিস্তানী সন্ত্ৰাসবাদী এজনৰো হৃদৰোগত আক্ৰান্ত হৈ সোমবাৰে মৃত্যু ঘটে। খালিস্তানী সন্ত্ৰাসবাদী লখবীৰ খালিস্তান লিবাৰেচন ফ’ৰ্চৰ মুৰব্বী আছিল। ভাৰতত কূটাঘাত চলোৱাৰ বাবে কেইবাটাও ষড়যন্ত্ৰত লিপ্ত লখবীৰ। কুখ্যাত খালিস্তানী সন্ত্ৰাসবাদী জাৰ্নেইল সিং ভিণ্ড্ৰেৱালাৰ ভতিজা এই লখবীৰ সিং।
 

Category
Profile picture for user UB Photos