
পাকিস্তানত হত্যা ভাৰতৰ শত্ৰুক। লস্কৰ-ই-তৈয়বাৰ এগৰাকী শীৰ্ষ সন্ত্ৰাসবাদী আদনান আহমেদ ওৰফে হঞ্জলা আদনানক পাকিস্তানৰ কৰাচীত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই।
হঞ্জলা ২০১৬ চনত চিআৰপিএফৰ কনভয়ত আক্ৰমণ কৰাৰ মাষ্টাৰ মাইণ্ড আছিল। এই আক্ৰমণত ৮ গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে ২২ গৰাকী আহত হৈছিল।
কেৱল ইমানেই নহয়, ২০১৫ চনৰ উধমপুৰত বিএছএফৰ কনভয়ত আক্ৰমণ চলিছিল। এই আক্ৰমণত ২ গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে ১৩ গৰাকী আহত হৈছিল। এই আক্ৰমণৰো মাষ্টাৰ মাইণ্ড আছিল তেওঁ।
হঞ্জলাৰ মৃত্যু লস্কৰৰ অধ্যক্ষ হাফিচ চৈয়দৰ বাবে এক ডাঙৰ লোকচান। হঞ্জলা অতিকৈ ঘনিষ্ঠ আছিল হাফিজৰ। ২-৩ ডিচেম্বৰৰ নিশা হঞ্জলা আদনানক চেফ হাউচৰ বাহিৰত কোনো অজ্ঞাতে লোকে ৪ টাকৈ গুলী মাৰিছিল।
জানিব পৰা মতে, গুলী লগাৰ পাছত পাকিস্তানী সেনাই তেওঁক হাস্পাতালত ভৰ্তি কৰাইছিল। আৰু ৫ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে, হঞ্জালাই কিছুদিন পূৰ্বে কৰাচীলৈ আহিছিল।
- Log in to post comments