Police

এগৰাকী নিৰ্দয়ালু মাতৃ! নিজ গৰ্ভৰ সন্তানক নিজ হাতেৰে হত্যা। পুনৰবাৰ দেশত সংঘটিত হৈছে সকলোৰে বুকু কপাঁই যোৱা ঘটনা। এই ঘটনাক আপুনি কি বুলি আখ্যা দিব জঘন্য, বৰ্বৰ নে পৈশাচিক?

জানিব পৰা মতে, এই ঘটনা বাংগালুৰুৰ। বাংগালুৰৰ এগৰাকী মহিলাই নিজৰ ৪ বছৰীয়া ল'ৰা সন্তানটোক লগত লৈ কিবা কামৰ বাবে গোৱাৰ এখন হোটেলত আশ্ৰয় লৈছিল। কিন্তু হোটেলৰ পৰা ওলাই অহাৰ সময়ত মাতৃৰ লগত সন্তানটিক নেদেখি সন্দেহ হৈছিল হোটেল কতৃপক্ষৰ।

এই সন্দেহৰ ভিত্তিতেই সমগ্ৰ ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰা হৈছিল। আৰু তাৰ পিছতে কেইবা ঘন্টাযোৰা সন্ধানৰ অন্তত সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত চকু কপালত উঠে সকলোৰে।