মণিপুৰৰ কাণ্ডৰ বাবে আৰক্ষী দায়ী নেকি?"আমাক বিবস্ত্ৰা আৰু ধৰ্ষণ কৰাৰ সময়ত সহায়ৰ সলনি পলায়ন কৰিছিল আৰক্ষীয়ে" নিৰ্যাতিত মহিলাৰ বিস্ফোৰক ভাষ্য......

Manipur

দেশ কঁপাই যোৱা এটা ভিডিঅ' । যোৱা ৪ মে'ত মণিপুৰৰ কাংপকপি জিলাত সংঘটিত হৈছিল এক দুষ্কাৰ্য । কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি দলৱদ্ধ ধৰ্ষণ কৰা হৈছিল মণিপুৰত। বুধবাৰ অৰ্থাৎ ১৯ জুলাইত পোহৰলৈ আহিছিল উক্ত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য। সামাজিক মাধ্যমযোগে বিয়পি পৰিছিল এই সমগ্ৰ দৃশ্য।

Manipur

এই ঘটনাই জোকাৰিছে সমগ্ৰ দেশ। প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক-অৰাজনৈতিক মহলত। ইফালে এই বৰ্বৰ ঘটনাৰ বলি হোৱা এগৰাকী ভুক্তভোগীয়ে দাবী কৰিছে যে, "তেওঁলোকক বিবস্ত্ৰা কৰি নিৰ্যাতন চলোৱাৰ সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত আছিল আৰু আৰক্ষীয়ে তেওঁলোকক সহায় কৰাৰ সলনি হিংস্ৰ আৰু উন্মাদ গঞাৰ সমুখত নিৰ্যাতনৰ বলি হ'বলৈ এৰি দিছিল।"

"প্ৰায় ২ ঘণ্টা ধৰি তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল। এজন এজনকৈ বহুকেইজন পুৰুষে তেওঁলোকক ধৰ্ষণ কৰিছিল। মোৰ নিৰ্যাতিতা কন্যাৰ পিতৃ আৰু ভাতৃক সেই স্থানতে হত্যা কৰি তেওঁলোকৰ মৃতদেহ খালত পেলাই দিয়া হৈছিল।"

Manipur

এই ঘটনাৰ ভাইৰেল হৈ পৰা ভিডিঅ'ত দুগৰাকী মহিলাক দেখা গৈছিল। তাৰে এগৰাকী ৪০ বছৰীয়া মাতৃ আছিল আৰু আনগৰাকী আছিল এগৰাকী কিশোৰী।

উল্লেখ্য যে, ভুক্তভোগী ৪০ বছৰীয়া মহিলাগৰাকীয়ে কোৱা মতে, এই জঘন্য কাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁলোকক আৰক্ষীয়ে পৰিত্যাগ কৰি নিজাববীয়াকৈ পলায়ন কৰিবলৈ এৰি দিয়ে আৰু আৰক্ষীয়েও সেই স্থানৰ পৰা পলায়ন কৰে। 

এই ঘটনা সন্দৰ্ভত ১৮ মে'ত দাখিল কৰা আৰক্ষীৰ এজাহাৰ অনুসৰি কনিষ্ঠ মহিলাগৰাকীয়েও নিৰ্মমভাৱে দলবদ্ধ ধৰ্ষণৰ ভয়ংকৰ কষ্ট ভোগ কৰিছিল। কাংপোকপি জিলাৰ তেওঁলোকৰ গাওঁখনত আক্ৰমণৰ বলি হোৱাৰ পিছত তেওঁলোকে ওচৰৰ হাবিত আশ্ৰয় বিচাৰিছিল বুলি জানিব পৰা গৈছে।

Manipur

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে এই কাণ্ডৰ সন্দৰ্ভত নিজাববীয়া গোচৰ ৰুজু কৰাই কয় যে যদি চৰকাৰে কোনো ব্যৱস্থা নকৰে তেন্তে উচ্চতম ন্যায়ালয়ে কৰিব।

ইতিমধ্যে এই ঘটনাৰ লগত জড়িত ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বৃহস্পতিবাৰে পুৱা মূল অভিযুক্ত হুইৰাম হেৰদাস সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছতে মণিপুৰ আৰক্ষীয়ে ধাৰবাহিকভাবে অভিযান চলাই নিশা পৰ্যন্ত আন ৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

আনহাতে ঘটনাৰ মূল অভিযুক্তৰ বাসগৃহত অগ্নিসংযোগ কৰে মেইৰা পাইবিৰ সদস্যই। থাউবাল জিলাৰ ইয়াইৰিপক অঞ্চলত থকা বাসগৃহ অগ্নিসংযোগ কৰে। সংঘৰ্ষজৰ্জৰ মণিপুৰত তীব্ৰতৰ সেনা আৰু আৰক্ষীৰ অভিযান।
 

Category
Profile picture for user UB Photos