জঘন্য, পাশৱিক, অমানৱীয়! ৭ বছৰীয়া কন্যা শিশুক ধৰ্ষণ ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ........

Rape Case

দেশত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নাৰীৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা। চাৰিওফালে কেৱল হিংসা, হত্যা আৰু ধৰ্ষণৰ বলি। শেহতীয়াকৈ পোহৰলৈ আহিছে দাক্ষিণাত্যৰ চহৰ বাংগালুৰুত সংঘটিত হোৱা এক ধৰ্ষণৰ ঘটনা।

এগৰাকী ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-পৰিদৰ্শকৰ কামনাৰ বলি হৈছে এগৰাকী ৭ বছৰীয়া কন্যা শিশু। ৭৪ বছৰীয়া পাষাণ ব্যক্তিগৰাকীৰ ঘৰত ভাড়াতীয়া হিচাপে থকা এহাল দম্পতীৰ ৭ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰিছে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে।

rape

শিশুটিৰ মাতৃৰ ভাষ্য অনুসৰি, সোমবাৰে নিশা প্ৰায় ৮:৩০ মান বজাত শিশুটি খেলি থাকোতেই ওপৰৰ মহলাৰ পৰা তাইৰ খেলনা তলৰ মহলালৈ পৰি যায়, তাৰ পিছতে শিশুটিয়ে খেলনা নিবলৈ তললৈ নামি আহে আৰু বহু দেৰি লৈ ঘূৰি নহাত মাতৃ চিন্তিত বৈ পৰে। তাৰ কিছু সময়ৰ পিছতে শিশুটি কান্দি কান্দি ওপৰলৈ উভতি আহে।

লগতে শিশুটিৰ দুয়োটা ওঠঁ ফুলি উঠিছিল বুলিও দাবী কৰে মাকে। শিশুটিক মাকে তলত কিবা হৈছিল নেকি বুলি প্ৰশ্ন কৰাত ভয়ত বিতত হৈ শিশুটিয়ে জোৰেৰে কান্দি উঠে। ইফালে শিশুটিৰ পিতৃয়ে  অভিযুক্ত প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ সৈতে এই সন্দৰ্ভত কথা পাতিবলৈ যোৱাত বিষয়াগৰাকীৰ পুত্ৰই তেওঁক ভাবুকি প্ৰদান কৰে। এই ঘটনাক গাপ দি ৰাখিবলৈ ধনৰ লোভ দেখুৱাৰ লগতে ঘৰ খালী কৰিবলৈ ভাবুকি দিয়ে বুলি জনায় শিশুটিৰ পিতৃয়ে।

ইয়াৰ পিছতে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে আৰু শিশু সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত প্ৰাক্তন বিষয়াগৰাকীক।
 

Category
Profile picture for user UB Photos