জঘন্য, বৰ্বৰ নে পৈশাচিক! নিজৰ ৪ বছৰীয়া পুত্ৰ সন্তানক হত্যা মাতৃৰ; বৰ্তমান আৰক্ষীৰ জিম্মাত হত্যাকাৰী মাতৃ...............

bangalar

এগৰাকী নিৰ্দয়ালু মাতৃ! নিজ গৰ্ভৰ সন্তানক নিজ হাতেৰে হত্যা। পুনৰবাৰ দেশত সংঘটিত হৈছে সকলোৰে বুকু কপাঁই যোৱা ঘটনা। এই ঘটনাক আপুনি কি বুলি আখ্যা দিব জঘন্য, বৰ্বৰ নে পৈশাচিক?

জানিব পৰা মতে, এই ঘটনা বাংগালুৰুৰ। বাংগালুৰৰ এগৰাকী মহিলাই নিজৰ ৪ বছৰীয়া ল'ৰা সন্তানটোক লগত লৈ কিবা কামৰ বাবে গোৱাৰ এখন হোটেলত আশ্ৰয় লৈছিল। কিন্তু হোটেলৰ পৰা ওলাই অহাৰ সময়ত মাতৃৰ লগত সন্তানটিক নেদেখি সন্দেহ হৈছিল হোটেল কতৃপক্ষৰ।

এই সন্দেহৰ ভিত্তিতেই সমগ্ৰ ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰা হৈছিল। আৰু তাৰ পিছতে কেইবা ঘন্টাযোৰা সন্ধানৰ অন্তত সমগ্ৰ ঘটনাটো পোহৰলৈ অহাত চকু কপালত উঠে সকলোৰে। 

উল্লেখ্য যে, এইগৰাকী মহিলাই CEO ৰ বিৰুদ্ধে নিজৰ ৪ বছৰীয়া সন্তানক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উথ্থাপন হৈছে। হোটেলৰ চাফাই কৰ্মীৰ সতৰ্কতা, আৰক্ষীৰ তৎপৰতাত আৰু টেক্সি চালকৰ চেষ্টাত ধৰা পৰে মহিলা গৰাকী। মাতৃয়ে নিজৰ ৪ বছৰীয়া পুত্ৰ সন্তানক হত্যা ঘটনাই বৰ্তমান দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

উল্লেখযোগ্য যে, গোৱাৰ হোটেলত হত্যা কৰি বেংগালুৰুলৈ পলায়নৰ চেষ্টা কৰিছিল মাতৃ গৰাকীয়ে। হত্যাকাৰী মাতৃ গৰাকীৰ নাম সুচানা শেঠ বুলি জানিব পৰা গৈছে। হত্যাৰ অভিযোগত বেংগালুৰুৰ AI ষ্টাৰ্ট-আপৰ CEO সুচানা শেঠক গ্ৰেপ্তাৰ কৰ্ণাটক আৰক্ষীৰ।

লগতে, মাতৃ গৰাকীৰ লগত থকা বেগটোতে উদ্ধাৰ কৰা হয় শিশুটিৰ মৃতদেহ। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও কি কাৰণে নিজে নিজ পুত্ৰক হত্যা কৰিলে? সেই বিষয়ে জানিব পৰা হোৱা নাই।

Category
Profile picture for user UB Photos