পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি! পত্নীৰ প্ৰেমিকে ৬ টুকুৰা কৰিলে স্বামীৰ শৰীৰ..........

Crime

এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে ৰাজস্থানত । পত্নীৰ প্ৰেমিকে স্বামীক হত্যা কৰি  ৬ টুকুৰা কৰিলে মৃতদেহ । লগতে টুকুৰা কৰা মৃতদেহ ৰাজস্থানৰ পালিৰ বিভিন্ন স্থানত পুতি থয় । 

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, মদনলাল নামৰ অভিযুক্তজনে যোগেন্দ্ৰ নামৰ যুৱকজনক হত্যা কৰি ওচৰৰ হাবিত পুতি থয়। লগতে আৰক্ষীয়ে জনোৱা মতে, ঘৰৰ পৰা ১০০ মিটাৰ দূৰৈৰ এখন বাগিচাৰ পৰা লোকজনৰ মূৰ, হাত আৰু ভৰি উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে, মঙলবাৰে জিম্মাত লোৱা অভিযুক্তই সমাধিস্থলীৰ ওপৰত আমৰ পুলি ৰোপণ কৰি ৰাখে বুলিও আৰক্ষীয়ে প্ৰকাশ কৰে। যোৱা ১৩ জুলাইত যোগেন্দ্ৰৰ পিতৃয়ে স্থানীয় আৰক্ষীত এজাহাৰ দাখিল কৰাৰ পিছতে অভিযুক্ত মদনলাল গ্ৰেপ্তাৰ হয়। 

এজাহাৰ অনুসৰি, ১১ জুলাইত যোগেন্দ্ৰ ঘৰৰ পৰা ওলাই গৈ আৰু ঘূৰি নাহিল। তাৰপিছত, পিতৃয়ে মদনলালৰ জড়িত বুলি সন্দেহ কৰি আৰক্ষীৰ কাষ চাপিছিল। মৃতকৰ পিতৃয়ে কয় যে, “মোৰ পুত্ৰক হত্যা কৰাত বহুকেইজন লোক জড়িত আছে বুলি মোৰ বিশ্বাস হয়। লগে লগে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি মদনলালক গ্ৰেপ্তাৰ কৰে। সোধা-পোছাৰ সময়ত অভিযুক্ত মদনলালে স্বীকাৰ কৰে যে, তেওঁ যোগেন্দ্ৰৰ পত্নীৰ সৈতে সম্পৰ্কত আছিল আৰু সেয়ে স্বামী যোগেন্দ্ৰক হত্যা কৰিছিল। তদুপৰি তেওঁ আৰু কেনেদৰে অপৰাধটো সংঘটিত কৰিলে তাৰ সবিশেষ আৰক্ষীৰ আগত স্বীকাৰ কৰে।

Category
Profile picture for user UB Photos