সচাঁকৈয়ে আচৰিত আৰু নৃসংশ! ভনীয়েকৰ প্ৰেমিকক দেখিব নোৱাৰি ডিঙি কাটি হত্যা কৰিলে ভনীয়েকক........

Murder Case

সচাঁকৈয়ে এক আচৰিত ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত । ভনীয়েকৰ প্ৰেমিকক দেখি সহ্য নহয় ককায়েকৰ । এই কথাটোক লৈয়ে সদায় ককায়েক আৰু ভনীয়েকৰ মাজত কাজিয়া হয়। কিন্তু এই কথাটোৰ পৰিণাম যে ইমান ভয়ংকৰ হ'ব পাৰে তাক কোনেও ভবাও নাছিল। ভনীয়েকৰ ডিঙি কাটি হত্যা কৰি কটা মূৰটো লৈ থানাত হাজিৰ হ'ল ককায়েক।

murder case

এই নৃসংশ হত্যাকাণ্ডটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাৰাবাংকিত । মৃত যুৱতী গৰাকীৰ নাম আছিফা বুলি জানিব পৰা গৈছে। ফতেহপুৰ অঞ্চলৰ মিথৱাৰা গাঁৱৰ বাসিন্দা যুৱতীগৰাকীয়ে চান্দ বাবু নামৰ এজন যুৱকৰ প্ৰেমত পৰে। তাৰ পিছৰে পৰা সমস্যাৰ আৰম্ভণি হয়। আছিফাৰ পৰিয়ালে চান্দ বাবুক মানি ল'ব বিচৰা নাছিল। যাৰ ফলত প্ৰায়ে অশান্তিৰ সৃষ্টি হৈছিল ঘৰখনত । 

উল্লেখ্য যে, কিছুদিন আগতে প্ৰেমিক চান্দ বাবুৰ সৈতে আছিফা পলাই গৈছিল। আছিফাৰ পৰিয়ালে চান্দ বাবুৰ হৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । তাৰ পিছতে আৰক্ষীয়ে ভগ্নী আছিফাক বিচাৰি আনে আৰু প্ৰেমিক চান্দ বাবুক গ্ৰেপ্তাৰ কৰে।

murder case

তাৰ পিছতে ঘটিল এই অনুৰূপ ঘটনা। আৰক্ষীয়ে জনোৱা অনুসৰি, এই ঘটনাৰ বাবেই খঙত ককায়েক ৰিয়াজে চোকা অস্ত্ৰৰে ভগ্নী আছিফাৰ মূৰটো কাটি পেলায়। কেৱল সেয়াই নহয়, কটা মূৰটো বেগত ভৰাই থানালৈও লৈ যায়।

ইতিমধ্যেই ককায়েক ৰিয়াজ (২২)ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি ৰিয়াজ আৰক্ষীৰ জিম্মাত। আছিফাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ঘৰৰ ওচৰতে কোনো ঠাইত ককায়েকে ভনীয়েকক ডিঙি কাটি হত্যা কৰিছিল। আৰক্ষীয়ে মূণ্ডহীন দেহটোও উদ্ধাৰ কৰে।

Category
Profile picture for user UB Photos