Kamakhya Temple

কিছুদিন পূৰ্বে কামাখ্যা মন্দিৰৰ এক ভিডিঅ' ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত । ভিডিঅ'টো এজন পাণ্ডাই ভক্তৰ পৰা টকা দাবী কৰা দেখা গৈছিল । সেই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে একাংশই প্ৰশ্ন উথ্থাপন কৰিছিল মন্দিৰ পৰিচালনা সমিতিৰ ওপৰত ।

তাৰ পাছতে ভক্তৰ বাবে কিছু নতুন নিয়ম বান্ধি দিছে মন্দিৰ পৰিচালনা সমিতিয়ে । এতিয়াৰে পৰা কামাখ্যা মন্দিৰৰ চৌহদত নিষিদ্ধ হ'ব ম'বাইল ফোন, কেমেৰা। ম'বাইল ফোন, কেমেৰা ব্যৱহাৰত থাকিব বিশেষ নিৰ্দেশনা। শীঘ্ৰেই এই ব্যৱস্থা কাৰ্যকৰী কৰিব মন্দিৰ পৰিচালনা সমিতিয়ে। লগতে বহিঃৰাজ্যৰ অন্য তীৰ্থস্থানৰ দৰেই কঠোৰ হ'ব কামাখ্যা পৰিচালনা সমিতি।