মা কামাখ্যাই ক্ষমা নকৰিলে কাকো….

kamakhya

১৯৯৫ চনৰ পৰা সুদীৰ্ঘ কালৰ বাবে মন্দিৰ প্ৰসাশন চলোৱা দেৱোত্তৰ ব’ৰ্ডৰ কেলেংকাৰি পোহৰলৈ। সেই সময়ৰ মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মা আৰু অন্যান্য বিষয়ববীয়াৰ ঘৰত EDৰ অভিযান। দলৌ সমাজক কৈশলেৰে আতৰাই মন্দিৰ প্ৰসাশনৰ দায়িত্ব লোৱা দেৱোত্তৰ ব’ৰ্ডৰ কেলেংকাৰি আহিল পোহৰলৈ। মা কামাখ্যাই ক্ষমা নকৰিলে কাকো....

শক্তিপীঠ কামাখ্যা দেৱালয়ত সংঘটিত হৈছে বৃহৎ কেলেংকাৰিৰ। কামাখ্যাৰ দেৱোত্তৰ ব’ৰ্ডৰ ৭.৬২ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগত নাম সাঙোৰ খাইছে মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ। 

উল্লেখ্য যে, ২০০৩ চনৰ পৰা ২০১৯ চনলৈ সংঘটিত হোৱা বৃত্তীয় কেলেংকাৰিৰ গোচৰত বুধবাৰে মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ ঘৰত ED য়ে অভিযান চলাই। লগতে, মা কামাখ্যাৰ নামত ভক্তই উৰ্ছগা কৰা দান-অনুদানৰ ৭.৬২ কোটি টকীয়া বিত্তীয় কেলেংকাৰিৰ সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে ৰুজু কৰা গোচৰটোৰ অন্যতম অভিযুক্ত দেৱোত্তৰ ব’ৰ্ডৰ বিষয়া প্ৰয়াত ধীৰাজ শৰ্মা আৰু প্ৰয়াত নৱকান্ত শৰ্মাৰ বাসগৃহটো EDয়ে অভিযান চলায়।

বিভিন্ন তথ্য অনুসৰি, মা কামাখ্যা দেৱালয় পৰিচালনা কৰাৰ নামত দেৱোত্তৰ ব’ৰ্ডৰ তদানীন্তন বিষয়াকেইজনে ভুৱা বিলেৰে ধন আত্মসাৎ কৰিছিল আৰু ধন আত্মসাতৰ অভিযোগতে অবৈধ বিত্তীয় লেনদেন প্ৰতিৰোধ আইন-২০০২ৰ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় সংস্থাটোৱে। 

আনহাতে, EDয়ে সদৰী কৰা অনুসৰি মন্দিৰৰ নিৰ্মাণ সামগ্ৰী ক্ৰয়ৰ নামত কোটি কোটি টকা আত্মসাৎ কৰিছিল মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ লগতে মৃত দুই বিষয়ববীয়াই।  সেয়েহে উক্ত বিত্তীয় কেলেংকাৰিৰ গোচৰটোত ED গুৱাহাটীস্থ কাৰ্যালয়ৰ বিষয়াৰ এটা দলে ব'ৰ্ডৰ প্ৰাক্তন সদস্য বিজু প্ৰসাদ শৰ্মাৰ লগতে মৃত দুই বিষয়ববীয়াৰ বাসগৃহত তালাচী চলায়। 

EDৰ এই অভিযানত ১.৮২ কোটিৰ বীমা পলিচী জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি ২৭টা বেংক একাউন্টৰ পাছবুক আৰু স্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰে।


 

Category