
হিন্দু ধৰ্ম অনুসৰি সপ্তাহটোৰ প্ৰতিটো দিনেই কোনো দেৱ-দেৱীৰ নামত সমৰ্পিত কৰা হৈছে। যাৰ বাবে মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ নামত সমৰ্পিত । লোকবিশ্বাস অনুসৰি, মঙলবাৰৰ দিনটোত হনুমানৰ পূজা-পাঠ আৰু ব্ৰত পালন কৰিলে হনুমানৰ কৃপা লাভ কৰে লগতে দান কৰিলে ঘৰলৈ সুখ-সমৃদ্ধি আহে।
সেয়েহে মঙলবাৰৰ দিনটোত হনুমান জীৰ পচন্দৰ বস্তু দান কৰিলে ভাল । পিছে জানো আহক মঙলবাৰৰ দিনটোত কি কি বস্তু দান কৰিব লাগে-
১. লাড়ু :
হনুমানজীৰ প্ৰিয় খাদ্য হৈছে লাড়ু । তেওঁক লাড়ুৰ ভোগ আগবঢ়ালে তেওঁ সন্তুষ্ট হয় বুলি লোক বিশ্বাস আছে । জ্যোতিষ শাস্ত্ৰ অনুসৰি, যদি দীৰ্ঘদিনে আপোনাৰ পদোন্নতি বন্ধ হৈ আছে তেন্তে মঙলবাৰৰ দিনা হনুমানৰ মন্দিৰত বেছনৰ লাড়ু দান কৰাটো উচিত। এনে কৰিলে ভগৱান বজৰংৱলীৰ কৃপাত আয় বৃদ্ধি হয় আৰু পদোন্নতি লাভ কৰা যায়।
২. নাৰিকল :
মঙলবাৰৰ দিনা নাৰিকল দান কৰা শুভ বুলি গণ্য কৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, যদি আপোনাৰ ঘৰৰ কোনো লোক বা আপুনি দীৰ্ঘদিনে স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে মঙলবাৰে কোনো মন্দিৰত নাৰিকল দান কৰক। এনে কৰিলে স্বাস্থ্যৰ উন্নতি ঘটিব। ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে।
৩. ৰঙা কাপোৰ আৰু ফল :

ভগৱান হনুমানে ৰঙা কাপোৰ ভাল পায়। মঙলবাৰৰ দিনা ৰঙা কাপোৰ আৰু ৰঙা ৰঙৰ ফল দুখীয়া বা প্ৰয়োজন থকা লোকক দান কৰিলে শুভ বুলি জনা যায়। এনে কৰিলে মঙলৰ দোষৰ পৰা মুক্তি পোৱা যায়। এই উপায়েৰে ভগৱান হনুমান সন্তুষ্ট হয়।
৪. মচুৰ দাইল :
জ্যোতিষ শাস্ত্ৰ অনুসৰি যিসকলৰ লোকৰ কুণ্ডলীত মাংগলিক দোষ থাকে, সেই লোকসকলে প্ৰতি মঙলবাৰে নীতি-নিয়মেৰে পূজা কৰা উচিত। এই দিনটোত ৰঙা মচুৰ দাইল দান কৰিলে ভগৱান হনুমান সন্তুষ্ট হয়। মঙলবাৰৰ দিনা এই কাম কৰিলে মঙলৰ অশুভ প্ৰভাৱ কম হয় আৰু বিবাহত বাধাও দূৰ হয়।
৫. তুলসীৰ পাত :

হিন্দু ধৰ্মত তুলসীক পৱিত্ৰ হিচাপে গুৰুত্ব দিয়া হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, মঙলবাৰৰ দিনটোত হনুমানক তুলসীৰ পাত বা তুলসীৰ মালা অৰ্পণ কৰিলে শুভ ফল পোৱা যায়। তুলসীৰ পাত দান কৰিলে মানুহৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়।
- Log in to post comments