পুনৰ খাকী পোচাকত লাগিল দাগ, খাৰুপেটীয়া থানাৰ OC উৎপল বৰাক গ্ৰেপ্তাৰ!

OC

পুনৰ খাকী পোচাকত লাগিল দাগ, খাৰুপেটীয়া থানাৰ OC উৎপল বৰাক গ্ৰেপ্তাৰ ৷

চিকিৎসক শিক্ষকৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰি বিচাৰিছিল উৎকোচ ৷

ধুলা থানাৰ OCহৈ থাকোতে উৎপল বৰাই সংঘটিত কৰিলে এই ঘটনা ৷ সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে OC বৰাক ৷

যি সময়ত অসম আৰক্ষীক চৰকাৰে অপৰাধ মুক্ত অসম গঢ়িবলৈ সৰ্বোচ্চ শক্তি দিছে সেই সময়তে সংঘটিত হৈছে এই বিপৰীত ঘটনা৷ পৰৱৰ্তী সময়ত ধূলা থানাৰ পৰা খাৰুপেটীয়া থানালৈ বদলি হৈছিল উৎপল বৰা ৷

JJM আঁচনিৰ পাইপ চুৰিৰ এক ভুৱা গোচৰত লোক দুজনক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ৫ লাখ টকা বিচাৰিছিল উৎপল বৰাই।

বৰ্তমান আৰক্ষী বিষয়া উৎপল বৰাক মঙলদৈ থানাত ৰখা হৈছে।

Category
Profile picture for user UB Photos