Bribe

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দান। এইবাৰ উৎকোচ লৈ ভোট দিলে আইনী ব্যৱস্থা ল'ব উচ্চতম ন্যায়ালয়ে। উৎকোচ লৈ ভাষণ দিয়া, প্ৰশ্ন কৰা সাংসদ-বিধায়কৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ'ব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন ৭ জনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ৰায়দান।

ধনৰ বিনিময়ত ভোট দিয়াতো সংবিধান বিৰোধী বুলি আখ্যা দিয়ে উচ্চতম ন্যায়ালয়ে। লগতে দুৰ্নীতি আৰু উৎকোচে সংসদীয় গণতন্ত্ৰক ধ্বংসৰ গৰাহত ঠেলি দিছে বুলি ও মন্তব্য উচ্চতম ন্যায়ালয়ৰ।