গুৱাহাটীৰ ৰাজপথৰ উন্মুক্ত নলা-নৰ্দমাই বিপদ মাতিব পথাচাৰীৰ বাবে...

ghy drain

গুৱাহাটীৰ ৰাজপথৰ উন্মুক্ত নলা-নৰ্দমাই বিপদ মাতিব পাৰে পথাচাৰীৰ বাবে। এজাক বৰষুণ আহিলেই জলমগ্ন হৈ পৰে গুৱাহাটীৰ বিভিন্ন অঞ্চল ৷ পানীয়ে চিন-মোকাম নোহোৱা কৰি পেলায় পথ-নলাৰ ৷ এনে পৰিস্থিতিত এইবাৰ বাৰিষা পথাচাৰীৰ বাবে বিপদ মাতিব পাৰে- উন্মুক্ত নলা-নৰ্দমাই৷ কিয়নো গুৱাহাটীৰ বিভিন্ন ঠাই উন্মুক্ত হৈ আছে বহু নিৰ্মীয়মান নলা-নৰ্দমা। 
 
উল্লেখ যে, বাৰিষাৰ পূৰ্বে সম্পূৰ্ণ নহয় বহু নলা-নৰ্দমাৰ নিৰ্মাণ ! গুৱাহাটী পৌৰ নিগমে ঘোষণা কৰিছিল বাৰিষাৰ পূৰ্বে কাম সম্পূৰ্ণ হ'ব সকলো নলা-নৰ্দমাৰ নিৰ্মাণ ৷ কিন্তু এতিয়ালৈ বহু স্থানত সম্পূৰ্ণ হৈ নুঠিল এই কাম।নিৰ্মীয়মান নলা-নৰ্দমাসমূহ হৈ আছে সম্পূৰ্ণৰূপে উন্মুক্ত। যাৰ বাবে এজাক বৰষুণ আহিলেই বিপদত পৰিব পাৰে মহানগৰীৰ বিভিন্ন অঞ্চলৰ লোক ৷ 

নলাত পৰি উটি যাব পাৰে মানুহ । কিয়নো উন্মুক্ত নলাৰ বাবে ইতিপূৰ্বে গুৱাহাটীত সংঘটিত হৈছে এনে বহুকেইটা ঘটনা । সেয়ে এতিয়া ভয় বাঢ়িছে ৰাইজৰ।  কিয়নো উন্মুক্ত নলাত নাই শক্তিশালী বেৰিকেড৷ ৰচি তানিয়েই দায় সাৰিছে ঠিকাদাৰে৷ গুৰুত্ব নাই পৌৰ নিগমৰো ৷ 

অৱশ্যে কোনো কোনো ঠাইত দিয়া হৈছে বেৰিকেড। নলা নিৰ্মাণৰ কাম নিজৰ খেয়াল-খুচিত কৰে ঠিকাদাৰী প্ৰতিষ্ঠানে৷ ৰাইজৰ সমস্যা তেওঁলোকৰ বাবে গুৰুত্বহীন। 


 

Category