১ ফেব্ৰুৱাৰীত MODI 3.0ৰ দ্বিতীয় কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে...

Budget

১ ফেব্ৰুৱাৰীত MODI 3.0ৰ দ্বিতীয় কেন্দ্ৰীয় বাজেট
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব ২০২৫-২৬ বৰ্ষৰ বাজেট
বাজেটক লৈ দেশৰ উদ্যোগ খণ্ড আৰু অৰ্থনীতিবিদৰ ব্যাপক চৰ্চা
একেৰাহে অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে
বাজেটত গুৰুত্বপূৰ্ণ ঘোষণাৰ সম্ভাৱনাক লৈ সৰৱ চৰ্চা 
হ্ৰাস হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপিত আবকাৰী কৰ
হ্ৰাস হোৱাৰ সম্ভাৱনা ইলেক’ট্ৰনিক উপকৰণৰ ওপৰত প্ৰযোজ্য শুল্ক
বৃদ্ধি পাব পাৰে সোণ-ৰূপৰ ওপৰত আমদানি শুল্কও
কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীজৰ পৰামৰ্শক গুৰুত্ব আৰোপ বিত্ত মন্ত্ৰালয়ৰ
আগন্তুক বিত্তীয় বৰ্ষত সলনি হ’ব পাৰে আয়কৰ ব্যৱস্থা
নতুন আয়কৰ প্ৰণালীৰ অধীনত বাৰ্ষিক ১০ লাখলৈ বিশেষ ৰেহাই
১৫ লাখৰ পৰা ২০ লাখপৰ্যন্ত আয়ৰ বিপৰীতে ২৫% আয়কৰৰ সম্ভাৱনা
৩ৰ পৰা ৫ লাখপৰ্যন্ত হ’ব পাৰে আয়কৰমুক্ত নতুন কৰ প্ৰণালী
বৃদ্ধি হ’ব পাৰে PM কিষাণ সন্মান নিধিৰ অনুদান
বৰ্তমানৰ বাৰ্ষিক ৬ হাজাৰৰ পৰা ১২ হাজাৰলৈ হ’ব পাৰে বৃদ্ধি
বৃদ্ধি হ’ব পাৰে আয়ুষ্মান ভাৰত যোজনাৰ পৰিসৰ
৫ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি হ’ব পাৰে অটল পেঞ্চন যোজনাৰ ধন
গ্ৰাম্য শিক্ষিত যুৱকক নিয়োগৰ বাবে নতুন ৰাষ্ট্ৰীয় নিয়োগ নীতি
স্বাস্থ্যখণ্ডৰ বিকাশৰ বাবে ১০% বাজেট বৃদ্ধিৰ সম্ভাৱনা
বিগত বৰ্ষত স্বাস্থ্যখণ্ডত ধাৰ্য হৈছিল ৯০ হাজাৰ ৯৫৮ কোটি
গৃহ ঋণৰ ক্ষেত্ৰতো ৫ লাখপৰ্যন্ত কৰ ৰেহাই ব্যৱস্থা ঘোষণাৰ সম্ভাৱনা

Category