ভাৰতে অহা ১০ বছৰত স্থাপন কৰিব মহাকাশ কেন্দ্ৰ
২০৩৫ৰ ভিতৰত মহাকাশত স্থাপন হ’ব কেন্দ্ৰ
‘ভাৰত অন্তৰীক্ষ কেন্দ্ৰ’ নামেৰে হ’ব মহাকাশ কেন্দ্ৰটো
২০৪০ৰ ভিতৰত চন্দ্ৰলৈ মানৱ প্ৰেৰণৰো পৰিকল্পনা
কেন্দ্ৰীয় বিজ্ঞানপ্ৰযুক্তি আৰু মহাকাশ দপ্তৰৰ মন্ত্ৰীৰ এই ঘোষণা
দিল্লীত বিভাগীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ এই ঘোষণা
২০২৬ৰ প্ৰথম ভাগত গগণযান অভিযানত প্ৰেৰণ হ’ব মহাকাশচাৰী
সমুদ্ৰ মিছনৰ অধীনতো সমুদ্ৰ গৰ্ভলৈ মানৱ প্ৰেৰণৰ পৰিকল্পনা
মহাকাশ ক্ষেত্ৰখনৰ ব্যৱস্থাপনাৰ বাবে শীঘ্ৰেই হ’ব আইন প্ৰণয়ন
মহাকাশ গৱেষণা ক্ষেত্ৰখনৰ বিশেষ গুৰুত্বতাৰে অগ্ৰগতি লাভ কৰিছে ভাৰতে। মহাকাশ ক্ষেত্ৰখনত ২০১৪ চনলৈ কেৱল মাত্ৰ এটা ষ্টাৰ্টআপ প্ৰকল্প আৰম্ভ হোৱাৰ বিপৰীতে সম্প্ৰতি ক্ষেত্ৰখনত অগ্ৰগতি লাভ কৰিছে ২৬৬টাকৈ ষ্টাটআপ প্ৰকল্পই। শ্ৰীহৰিকোটাৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা বিগত ১০ বছৰত ৩৯৭টা বিদেশী উপগ্ৰহ উৎক্ষেপণ কৰিছে ভাৰতে। ২০৪৭ৰ ভিতৰত মহাকাশ গবেষণাত গ্ল’বেল লীডাৰ হোৱাৰ লক্ষ্য বান্ধি লৈছে ভাৰতে।
- Log in to post comments