১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীক ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত নিষেধাজ্ঞা, ক'ত?

Ban Social Media

অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীক ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে পূৰ্বে এই আইনখন অনাৰ বাবে প্ৰস্তাৱ দাখিল কৰিছিল। আৰু অৱশেষত বুধবাৰৰ দিনটোতে বিধেয়কখন গৃহীত হয়।

উল্লেখ্য যে, বুধবাৰে দেশৰ প্ৰতিনিধি সদনত গৃহত হোৱা এখন ঐতিহাসিক বিধেয়কত এই কথা উল্লেখ কৰা হয়। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ লেবাৰ চৰকাৰে বিধেয়কখন উত্থাপন কৰাৰ পিছতে ১০২টা ভোটৰ সপক্ষে বিধেয়কখন উত্থাপন কৰা হয়।

লগতে, গুগল আৰু মেটাই এই বিধেয়ক উত্থাপন কৰাত বিলম্ব কৰাৰ প্ৰস্তাৱ দিছিল যদিও  ছ’চিয়েল মিডিয়া নিয়ন্ত্ৰণৰ অন্যতম কঠোৰ এই আইনখনৰ প্ৰস্তাৱ বুধবাৰে গৃহীত হয়।

ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিলে যুৱক-যুৱতীসকলৰ কণ্ঠ স্তব্ধ হৈ পৰিব বুলি প্ৰতিবাদী দাবী উত্থাপন হৈছে।

Category