প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰৱঞ্চনাৰ ন ন তথ্য ফাদিল, ক’ত কিমান সম্পত্তি আছে দীপাংকৰৰ?.....

dipankar barman


নিতৌ ন ন তথ্য ফাদিল হৈছে প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰৱঞ্চনাৰ। বিনিয়োগকাৰীৰৰ পৰা কেনেকৈ কোটি কোটি টকা লুট কৰিছিল প্ৰৱঞ্চক দীপাংকৰ বৰ্মনে। আৰক্ষীৰ তদন্তত কেটবোৰ নতুন নতুন তথ্য ফাদিল। 

জানিব পৰা মতে, ২০১৮ চনত দীপাংকৰ বৰ্মনে প্ৰতিষ্ঠা কৰিছিল DB Stock Broking। ২০২১ চনৰ পিছত লাহে লাহে সলনি হৈছিল দীপাংকৰৰ জীৱনশৈলী। DB Stock Brokingৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন ধৰণৰ ছেমিনাৰ পাতিছিল দীপাংকৰে।  ছেমিনাৰবোৰত দীপাংকৰক সহায় কৰিছিল পিতৃ-মাতৃয়ে। DB Stock Brokingৰ ছেমিনাত ৰাইজক ধন বিনিয়োগ কৰিবলৈ আহ্বান জনাইছিল পিতৃ-মাতৃয়েও ।

আৰক্ষী, অধিবক্তা, বহু চৰকাৰী চাকৰিয়ালে মোটা অংকৰ ধন বিনিয়োগ কৰিছিল DB Stock Brokingত। বহুতেই ঋণ লৈ, মাটি বিক্ৰী কৰি ধন বিনিয়োগ কৰা বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি, হায়দৰাবাদৰ এজন লোকে প্ৰায় ডেৰশ কোটি টকা বিনিয়োগ কৰিছিল বুলি জানিব পৰা গৈছে। ৰঙিয়াৰ চাজিদ নামৰ এজন লোকৰ ৭৭ কোটি টকা বিনিয়োগ আছিল। 

ক’ত কিমান সম্পত্তি আছে দীপাংকৰৰ?

গুৱাহাটীৰ ১২টা স্থানত দীপাংকৰ বৰ্মনে ক্ৰয় কৰিছিল ফ্লেট। তাৰ পাছত ক্ৰয় কৰিছিল এখন স্কৰপিঅ’ বাহন। তাৰ কিছু বছৰ পিছত ক্ৰয় কৰিছিল হাৰলী ডেভিডছনৰ এখন বিলাসী বাইক। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ক্ৰয় কৰিছিল ১ কোটি ৬৫ লাখ টকীয়া বিলাসী মাৰ্চিডিজ বাহন। 

লগতে, অহা মাহত দীপাংকৰৰ প্ৰেমিকাৰ সৈতে বিবাহ সম্পন্ন হোৱাৰ কথা আছিল। বিবাহৰ বাবে আগতীয়াকৈ তাজ হোটেলত বুক কৰিছিল বিলাসী কোঠা।

এই মুহূৰ্তলৈ দীপাংকৰ বৰ্মন ক’ত আছে তাৰ কোনো তথ্য পোৱা নাই আৰক্ষীয়ে। দীপাংকৰ কাৰ্যালয়ত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে ৪৭ লাখ টকা। জালুকবাৰীৰ ফ্লেটৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩ লাখ টকা। ইতিমধ্যে দীপাংকৰ বৰ্মনৰ ৮টা ছেভিংছ একাউণ্ট আৰু ৪টা কাৰেণ্ট একাউণ্ট ফ্ৰীজ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, DB Stockৰ ১১ গৰাকী কৰ্মচাৰীক আটক কৰা হৈছিল। জাননী জাৰি কৰি ১১ গৰাকী কৰ্মচাৰীক যাবলৈ দিয়া হয়। ইতিমধ্যে অন্যতম অভিযুক্ত মনালিছা দাসক জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ১৮ তাৰিখৰ পৰা ম’বাইলৰ বন্ধ আছে দীপাংকৰৰ। লাষ্ট লোকেচন জালুকবাৰীৰ নিজৰ বাসগৃহত লাভ কৰিছে আৰক্ষীয়ে।

Category