মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড, শোৱাপাটীতে মাতৃ-পুত্ৰক হাত-ভৰি বান্ধি ডকাইতৰ লুটপাত.....

Guwahati

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড। মাতৃ-পুত্ৰৰ হাত-ভৰি বান্ধি ডকাইতৰ দলে চলালে লুটপাট। লুটি নিলে নগদ ৬০ হাজাৰ টকা, ৪ লাখ টকাৰ সোণৰ আ-অলংকাৰ। ইভা আইন কুল্লু নামৰ এগৰাকী মহিলাৰ ঘৰত সংঘটিত এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

নুনমাটিৰ আনন্দনগৰত বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা। পাকঘৰৰ খিৰিকী ভাগি ঘৰত প্ৰৱেশ কৰিছিল ৬ জনীয়া ডকাইতৰ দলটোৱে। শোৱাপাটীতে মাতৃ-পুত্ৰক হাত-ভৰি বান্ধি ডকাইতৰ লুটপাত।

জানিব পৰা মতে, মাটি বিক্ৰী কৰি পৰিয়ালটোৱে জমা কৰিছিল ৮০ লাখ টকা। পৰিয়ালটোৰ পৰা ৮০ লাখ টকা লুট কৰাৰ লক্ষ্য ডকাইতৰ। ঘটনাস্থলীত চেণ্ডেল, চাবোল উদ্ধাৰ আৰক্ষীৰ।

উল্লেখ্য যে, নুনমাটিৰ এক নং আনন্দ নগৰৰ বাসিন্দা তথা বিধবা মহিলা ইভা আইন কুল্লুৱে নিশা ভাত পানী খাই পুত্র বাবু আইন কুল্লুক লগত লৈ বিছনাত শুই যায়। পুৱতি নিশা ২.৩০ বজাত ছয়জনীয়া ডকাইতৰ দলে পাকঘৰৰ খিড়িকীৰ ৰড ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে।

ডকাইতৰ দলটো শোৱনি কোঠাত প্ৰৱেশ কৰি বিছনাত শুই থকা ইভা আইন কুল্লু আৰু পুত্ৰ বাবু আইনৰ মুখত সোপা দি হাত ভৰি বান্ধি দিয়ে। ডকাইতৰ দলটোৱে মাতৃ-পুত্ৰৰ ডিঙিত চোকা অস্ত্ৰ লগাই চিঞৰ-বাখৰ নকৰিবলৈ ভাবুকি দি উপৰ্যপৰি প্ৰহাৰ কৰি হত্যা কৰাৰ ভাবুকি দিয়ে। ঘটনা সন্দৰ্ভত ইভা আইন কুল্লুৱে নুনমাটি থানাত এজাহাৰ দাখিল কৰে। 
 

Category