
সাধাৰণ কথাতে বন্ধুৱে বন্ধুক হত্যা কৰাৰ এক লোমহৰ্ষক ঘটনাই জোকাৰি গ’ল ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী। উত্তৰ-পূৱ দিল্লীৰ ৱেলকাম এলেকাত সংঘটিত হ’ল এই নৃশংস কাণ্ড। ৩৫০ টকাৰ কাৰণে এজন যুৱকক চুৰিৰে উপৰ্যুপৰি হানি-খুঁচি হত্যা কৰা হয়। ১০০ বাৰতকৈও অধিকবাৰ ছুৰিকাঘাট কৰে যুৱকজনক। সমগ্ৰ ঘটনা বন্দী হয় CCTV কেমেৰাত। হত্যাকাণ্ডৰ এই লোমহৰ্ষক শিহৰঁকাৰী দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
Category
- Log in to post comments