হাৰ্দিক পাণ্ডিয়া "আউট", প্ৰসিদ্ধ কৃষ্ণক "ইন"! ছেমি ফাইনেলৰ পূৰ্বে বিশ্বকাপৰ পৰা বাহিৰ হ’ল হাৰ্দিক পাণ্ডিয়া....কিন্তু কিয়?.....

Cricket

বিশ্বকাপ ক্ৰিকেটত অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। ৭ খন মেচৰ ৭ খনতেই বিজয় সাব্যস্ত কৰি ইতিমধ্যে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ভাৰত। ভাৰতৰ হাতত বিধ্বস্ত হৈছে পাকিস্তান, শ্ৰীলংকা, ইংলেণ্ড আদিৰ দৰে দল।

har

কিন্তু তাৰ মাজতে ক্ৰিকেটপ্ৰমীৰ বাবে আহিল এক বেয়া খবৰ। এই খবৰত দুখীত সকলো ভাৰতীয়।  টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিশ্বকাপ ২০২৩ৰ পৰা বাহিৰ হ’ল। প্ৰথমে আশা কৰা হৈছিল যে হাৰ্দিক পাণ্ডিয়াই টীম ইণ্ডিয়াৰ অন্তিম লীগ মেচ বা ফাইনেলত খেলিব পাৰিব। কিন্তু এতিয়া স্পষ্ট হৈ পৰিছে যে বিশ্বকাপ ২০২৩ত টীম ইণ্ডিয়াৰ বাবে খেলিব নোৱাৰিব পাণ্ডিয়াই। তেওঁৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছে আন এগৰাকী তৰুণ ক্ৰিকেটাৰ প্ৰসিদ্ধ কৃষ্ণক।

kri

উল্লেখ্য যে, ৭খন মেচৰ আটাইকেইখনতে জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৰোহিত বাহিনী। এতিয়া টীম ইণ্ডিয়াই ৫ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ সৈতে মুখামুখি হ’ব। তাৰ পিছত ১২ নৱেম্বৰ নেডাৰলেণ্ডছৰ বিৰুদ্ধে লীগৰ অন্তিমখন মেচ খেলিব। ১৫ বা ১৬ নৱেম্বৰত হ’ব ছেমি ফাইনেল। তাৰ পিছত ১৯ নৱেম্বৰত বিশ্বকাপৰ ফাইনেল। এনে অৱস্থাত হাৰ্দিক দলত নথকাটো টীম ইণ্ডিয়াই নিশ্চয়কৈ তেওঁৰ অভাৱ অনুভৱ কৰিব।

শেহতীয়া তথ্য মতে, তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ গোৰোহাৰ আঘাতৰ পৰা এতিয়াও মুক্ত হোৱা নাই আৰু টুৰ্ণামেণ্টৰ বাকী মেচসমূহত খেলিব নোৱাৰিব। পুণেত ১৯ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে মেচৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল হাৰ্দিক পাণ্ডিয়াই। বলিং কৰাৰ সময়তে গোৰোহাত আঘাত পাইছিল পাণ্ডিয়াই। তাৰ পিছৰে পৰা তেওঁ চিকিৎসকৰ নিৰীক্ষণত আছে। এতিয়া হাৰ্দিকৰ স্থানত দলত স্থান লাভ কৰিব প্ৰসিদ্ধ কৃষ্ণাই।


 

Category