অৱশেষত ৰঙাঘৰৰ আলহী হ'ল ASP শুভলক্ষ্মী দত্ত....

subhalakshmi

তিনিদিনৰ আৰক্ষী জিম্মাত থকাৰ পিছত মঙলবাৰে নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছিল ASP শুভলক্ষ্মী দত্তক।  ইয়াৰ পিছতেই ২২ ছেপ্টেম্বৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ শুভলক্ষ্মীক।

subhalakshmi

উল্লেখ্য যে, আদালতত মুখথেকেচা খালে শুভলক্ষ্মী দত্তই। জামিনৰ বাবে আবেদন কৰিছিল শুভলক্ষ্মীয়ে। শুভলক্ষ্মীৰ জামিন আবেদন নাকচ কৰে আদালতে। বনকৰা মহিলাক নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ASP বিষয়া গৰাকী।

subhalakshmi

আজি বিয়লি আদালতৰ পৰা শিৱসাগৰ কাৰাগাৰলৈ অনা হয় ASP শুভলক্ষ্মী দত্তক। উল্লেখ্য যে, ভুক্তভোগী অনিমা প্ৰজাৰ এজাহাৰৰ ভিত্তিত নাজিৰা আৰক্ষী চকীৰ ৩৬/২৩ নং গোচৰ ৰুজু কৰা হৈছিল।

Category