
অৱশেষত আত্মসমৰ্পণ কৰিলে শুভলক্ষ্মী দত্তই। শনিবাৰে পুৱা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে শুভলক্ষ্মী দত্তই। আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় পলাতক ASP শুভলক্ষ্মী দত্তক। ইতিমধ্যেই শিৱসাগৰ আৰক্ষীয়ে জিম্মাত লৈছে শুভলক্ষ্মীক।
উল্লেখ্য যে, আজি দ্বিতীয় শনিবাৰ অৰ্থাৎ বন্ধৰ দিন হোৱা হেতুকে বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব শুভলক্ষ্মীক। জেৰাৰ বাবে আৰক্ষীয়ে জিম্মাত বিচাৰিব শুভলক্ষ্মীক। জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ আৰক্ষী বিষয়াগৰাকীক।
উল্লেখযোগ্য যে, বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলোৱাৰ গোচৰত অভিযুক্ত হোৱাৰ পিছৰে পৰা পলাতক হৈ আছিল শুভলক্ষ্মী দত্ত। এইগৰাকী শুভলক্ষ্মী দত্তই বনকৰা মহিলাৰ দেহত ঢালিছিল উতলা গৰম পানী। লগতে নানা ধৰণৰ অকথ্য নিৰ্যাতন চলাইছিল অনিমা প্ৰজা নামৰ মহিলাগৰাকীক।

বিগত প্ৰায় দুসপ্তাহে শিৱসাগৰ আৰক্ষীয়ে শুভলক্ষ্মীক বিচাৰি মহানগৰীৰ ছয়মাইলৰ জয়ানগৰত থকা পাৰ্লে এপাৰ্টমেণ্টত অভিযান চলাইছিল। অৱশ্যে শিৱসাগৰ আৰক্ষীৰ চকুত ধূলি দি গেট পাৰ হৈ তেওঁ সেই এপাৰ্টমেণ্টৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছত কেইবাদিনো ধৰি পলাতক অৱস্থাত আছিল আৰক্ষী বিষয়াগৰাকী।
আৰক্ষীয়ে শুভলক্ষ্মী দত্তক পলাতক আচামী ঘোষণা কৰিছিল। এই সন্দৰ্ভত উচ্চ পদস্থ আৰক্ষী বিষয়াই সংবাদমেল সম্বোধন কৰি পলাতক আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব বুলি ঘোষণা কৰা পিছদিনাই তেওঁ আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শুভলক্ষ্মী দত্তক।
- Log in to post comments