
আজিৰে পৰা গুৱাহাটীৰ শিলসাঁকোত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান। পুৱাৰে পৰা চলা এই উচ্ছেদ অভিযানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এইবাৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শতাধিক মহিলা। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে প্ৰতিবাদকাৰী মাজৰে দুগৰাকী মহিলাই প্ৰতিবাদস্থলীতে কাপোৰ খুলি অৰ্ধনগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে, এনে পৰিস্থিতিৰ মাজতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তুমুল সংঘৰ্ষৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ হেতুকে প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে ২০ গৰাকী মহিলাক আটক কৰে।
জানিব পৰা মতে, আটকাধীন মহিলাৰ ভিতৰত আছে গৰ্ভৱতী মহিলাও। প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে চোঁচৰাই নিলে মহিলা প্ৰতিবাদকাৰীক। টানি–চোঁচৰাই প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।
শিলসাঁকোত থকা প্ৰায় ২৫০ টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য জিলা প্ৰশাসনৰ। ১১০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলিছে এই উচ্ছেদ। পূৰ্বেও শিলসাঁকোত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান।
- Log in to post comments