অৱশেষত অপেক্ষাৰ অন্ত! আজি মুকলি হ'ব মালিগাঁও উৰণ সেতু, কি নামেৰে নামাকৰণ হ'ল সেতুখন?.....

maligaon

অৱশেষত মহানগৰবাসী ৰাইজে পাব সকাহ।মাজত মাথো কেইটামান ক্ষণ বাকী। ৩০ আগষ্টৰ ৰাখী পূৰ্ণিমাৰ সন্ধিয়া ৪.৩০ বজাত মুকলি কৰা হ’ব সেতুখন। অৰ্থাৎআজি সন্ধিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰিব মালিগাঁও উৰণীয়া সেতুখন।

maligaon

যোৱা ২ বছৰ ৪ মাহ ধৰি মালিগাঁৱৰ উৰণীয়া সেতুখনৰ কাম চলি আছিল। এই সেতুখনৰ দৈৰ্ঘ ২.৬ কিলোমিটাৰৰ। ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত লোকনিৰ্মাণ বিভাগে ৪২০.৭৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে এই সেঁতুখন। সেতুখন ৰামধেনু আকৃতিৰ নিৰ্মাণ কৰা হৈছে। সেতুখনত থাকিব তিনিআলি জংচনত পৃথিৱীৰ গ্লৱ। উৰণীয়া সেতুৰ লেণ্ডিং পইণ্ট দুটা গতিৰোধক থাকিব।

maligaon

আনহাতে, সেতুখনৰ তলৰ খুঁটাসমূহত অসমৰ সাজ-পোছাক, বাদ্যযন্ত্র, অৰণ্যৰ দৃশ্য অংকন কৰা হৈছে। ন-বোৱাৰীৰ দৰে সজাই তোলা হৈছে সেতুঁখন। সেতুখনৰ চাৰিওফালে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন ছবি অংকন কৰা হৈছে।

maligaon

উল্লেখযোগ্য যে, যোৱা ২ বছৰ ধৰি যান-জঁটৰ সমস্যাত জীয়াতু ভুগিছিল জনতাই। ২-৩ ঘন্টা মালিগাঁও ট্ৰেফিকতে পাৰ কৰিব লগীয়া হৈছিল। যাৰ বাবে এই সেতু উদ্বোধনৰ পাছত যান-জঁটৰ সমস্যাৰ পৰা সকাহ পাব জনতাই।

maligaon

আনহাতে, মালিগাঁৱৰ নৱনিৰ্মিত উৰণ সেঁতুখনৰ উদ্ধোধনৰ প্ৰাকমুহূৰ্তত লোকনিৰ্মাণ বিভাগে নিশাৰ ভিতৰত হঠাৎ নৱনিৰ্মিত সেঁতুৰ নামফলক সলনি কৰিছে।মঙলবাৰে নিশাই পূৰ্বে আঁৰি থোৱা ফলক আঁতৰাই ‘নীলাচল উৰণ সেঁতু’ৰ ফলক লগালে লোক নিৰ্মাণ বিভাগে।

Category
Profile picture for user UB Photos