UPPL

‘UPPLয়ে ফুটাব দুটা নিউক্লিয়াৰ বোম’
‘সম্পূৰ্ণৰূপে নিঃশেষ হ’ব হাগ্ৰামা’
‘কফিনত শেষ গজাল মাৰিবলৈ বাকী হাগ্ৰামাৰ’
‘হাগ্ৰামাৰ বাদে BPFৰ সকলোৰে বাবে খোলা আছে UPPLৰ দুৱাৰ’
মুছলপুৰত মন্তব্য EM ৰণজিৎ বসুমতাৰীৰ

বাক্সাৰ মুছলপুৰত সোমবাৰে ইউপিপিএল দলৰ এক যোগদান সভা অনুষ্ঠিত হয়। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ই.এম ৰণজিৎ বসুমতাৰীকে ধৰি কেবাগৰাকীও ইউপিপিএল নেতৃত্বৰ উপস্থিতিত পাঁচ শতাধিক বিপিএফৰ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে। এই যোগদান কাৰ্যসূচীৰ পিছতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰণজিৎ বসুমতাৰীয়ে বহুকেইটা বিস্ফোৰণ মূলক মন্তব্য আগবঢ়ায়।