bridge collapses

বিহাৰত সংঘটিত এক ভয়ংকৰ ঘটনা। নিৰ্মাণ কৰি থকা সময়তে ভাঙি পৰিল কোশী নৈৰ নিৰ্মীয়মাণ দলঙৰ শ্লেৱ। উক্ত ঘটনাটোৰ সময়ত প্ৰায় ৩০ গৰাকী শ্ৰমিক আৱদ্ধ হৈ আছিল দলংখনৰ তলত।

উক্ত ঘটনাটোত শ্লেপ ভাঙি পৰাৰ ফলত থিতাতে নিহত এজন শ্ৰমিক। লগতে আন ৯ জন লোক আহত হোৱাৰ খবৰ আহি পৰিছে। জানিব পৰা মতে, বৰ্তমানেও আবদ্ধ ৪০জনৰো অধিক শ্ৰমিক।

উল্লেখ্য যে, শুকুৰবাৰে পুৱা প্ৰায় ৭ মান বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ভাৰতমালা আঁচনিৰ অধীনত নিৰ্মাণ হৈ আছিল ভাঙি পৰা দলংখন। বিহাৰৰ সুপৌলত সংঘটিত হৈছে এই ভয়াৱহ ঘটনাটো।