এক অঘটন! নিৰ্মাণ কৰি থকা সময়তে ভাঙি পৰিল দলং, থিতাতে নিহত এজন শ্ৰমিক.......

bihar

বিহাৰত সংঘটিত এক ভয়ংকৰ ঘটনা। নিৰ্মাণ কৰি থকা সময়তে ভাঙি পৰিল কোশী নৈৰ নিৰ্মীয়মাণ দলঙৰ শ্লেৱ। উক্ত ঘটনাটোৰ সময়ত প্ৰায় ৩০ গৰাকী শ্ৰমিক আৱদ্ধ হৈ আছিল দলংখনৰ তলত।

উক্ত ঘটনাটোত শ্লেপ ভাঙি পৰাৰ ফলত থিতাতে নিহত এজন শ্ৰমিক। লগতে আন ৯ জন লোক আহত হোৱাৰ খবৰ আহি পৰিছে। জানিব পৰা মতে, বৰ্তমানেও আবদ্ধ ৪০জনৰো অধিক শ্ৰমিক।

উল্লেখ্য যে, শুকুৰবাৰে পুৱা প্ৰায় ৭ মান বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ভাৰতমালা আঁচনিৰ অধীনত নিৰ্মাণ হৈ আছিল ভাঙি পৰা দলংখন। বিহাৰৰ সুপৌলত সংঘটিত হৈছে এই ভয়াৱহ ঘটনাটো।

বৰ্তমানো ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ অভিযান চলি আছে। লগতে, মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাৰ সাহায্য প্ৰদান কৰে বিহাৰ চৰকাৰে।

জানিব পৰা মতে, বিগত বৰ্ষৰ ২৩ জুনত বিহাৰৰ ভাগলপুৰ জিলাত গংগাৰ ওপৰত নিৰ্মাণৰত এখন দলং সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। অৱশ্যে দলংখনত সেই সময়ত কোনো শ্ৰমিক নথকাৰ বাবে কোনো লোকৰ প্ৰাণহানি হোৱা নাছিল। অৱশ্যে দলংখনৰ ৩২৮ ফুট ওখ অংশটো গংগাৰ সৈতে সম্পূৰ্ণৰূপে ভাহি যায়।

Category
Profile picture for user UB Photos