NPS-OPS

আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিন। প্ৰশ্নোত্তৰ কালৰে আৰম্ভ সদনৰ কাৰ্যক্ৰমণিকা। আজি বিধানসভাৰ মজিয়াত উত্থাপন হ’ব ১৫খনকৈ বিধেয়ক। সকলো বিধেয়ক পাৰিত কৰাৰ চেষ্টা চলাব চৰকাৰী পক্ষই। সন্ধিয়া ৬ বজালৈ চলিব অন্তিম দিনৰ কাৰ্যসূচী।

এইবাৰ সদনৰ প্ৰসংগঃ পুৰণি পেঞ্চন নীতি। পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী কৰিছে বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে, "পেঞ্চন দি থাকিলে ৰাজ্যৰ অৰ্থনীতি ভাঙি পৰিব, নতুন পেঞ্চন নীতি বলৱৎ হ’বই" : মুখ্যমন্ত্ৰী