প্ৰসংগঃ পুৰণি পেঞ্চন নীতি! "পেঞ্চন দি থাকিলে ৰাজ্যৰ অৰ্থনীতি ভাঙি পৰিব" : মুখ্যমন্ত্ৰী.........

cm

আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিন। প্ৰশ্নোত্তৰ কালৰে আৰম্ভ সদনৰ কাৰ্যক্ৰমণিকা। আজি বিধানসভাৰ মজিয়াত উত্থাপন হ’ব ১৫খনকৈ বিধেয়ক। সকলো বিধেয়ক পাৰিত কৰাৰ চেষ্টা চলাব চৰকাৰী পক্ষই। সন্ধিয়া ৬ বজালৈ চলিব অন্তিম দিনৰ কাৰ্যসূচী।

এইবাৰ সদনৰ প্ৰসংগঃ পুৰণি পেঞ্চন নীতি। পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী কৰিছে বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে, "পেঞ্চন দি থাকিলে ৰাজ্যৰ অৰ্থনীতি ভাঙি পৰিব, নতুন পেঞ্চন নীতি বলৱৎ হ’বই" : মুখ্যমন্ত্ৰী

উল্লেখ্য যে, NPS-OPS প্ৰসংগত সদনত মুখ্যমন্ত্ৰীয়ে কয়, "ৰাজ্যত প্ৰায় ৪ লাখ চৰকাৰী কৰ্মচাৰী আছে। OPSত প্ৰায় ১,৭৫,৯৯৮ জন আৰু NPSত আছে প্ৰায় ২ লাখ ৮৫ হাজাৰ। ইয়াৰ প্ৰায় ১ লাখ ৫০ হাজাৰে বিজেপি চৰকাৰৰ দিনত লাভ কৰা চাকৰিয়াল। যিসকল চাকৰিয়ালৰ বয়স তেনেই কম, সেইসকলে কেতিয়াও NPSক লৈ প্ৰতিবাদ কৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে কেতিয়াও NPS-OPS ক লৈ প্ৰতিবাদ কৰা নাই।"

মুখ্যমন্ত্ৰীৰ উত্তৰত অসন্তুষ্ট বিৰোধী হৈ পৰিছে বিৰোধী দল। তাৰ পাছতে বিৰোধীয়ে ত্যাগ কৰিলে সদন।

Category
Profile picture for user UB Photos