Emmanuel Macron

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ ভাৰত ভ্ৰমণৰ সময়তে দুয়োপক্ষই কেইবাখনো চুক্তি চূড়ান্ত কৰে। এখন প্ৰতিৰক্ষা ঔদ্যোগিক ৰোডমেপৰ লগতে মহাকাশ সম্পৰ্কৰ ওপৰত চুক্তি স্বাক্ষৰিত কৰে। যিয়ে উন্নত সামৰিক সঁজুলিৰ যৌথ উন্নয়ন আৰু নিৰ্মাণৰ সুবিধা প্ৰদান কৰিব। টাটা আৰু এয়াৰবাছে যৌথভাৱে অসামৰিক হেলিকপ্টাৰ উৎপাদনৰ বাবেও চুক্তি হয়।

“ৰোডমেপ হৈছে প্ৰতিৰক্ষা-ঔদ্যোগিক খণ্ডত অংশীদাৰিত্বৰ সুযোগ চিনাক্ত কৰা। যিয়ে উন্নয়ন, উৎপাদন আৰু দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাৰ ওপৰত অগ্ৰাধিকাৰ দিয়ে।” ভাৰত আৰু ফ্ৰান্সৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰতো এই চুক্তিত গুৰুত্ব আৰোপ কৰা হয়।